মিথ্যা : A Misconception
বেয়াও লাগিছিল মানুহজনক ইমান দেৰি ৰখালো, কিন্তু তেওঁ একো নকলে আৰু tomtom খন আকৌ start দিলে। মোৰ আগৰ পৰাই এটা অভ্যাস যে মই গাড়ীত উঠিলেই গান শুনা আৰম্ভ কৰোঁ, যি গাড়ী এ নহওঁক আৰু যিমান দূৰেই নহওঁক কিয় মোৰ যাত্ৰা।
কিন্তু মই কালি প্ৰথমবাৰৰ বাবে গান শুনা নাছিলোঁ। নাজানো কিয়, কিবা পৰিবেশ টো যেন মোৰ অস্বাভাৱিক লাগিছিল। বাৰে বাৰে ঘড়ীটো চাই আছিলোঁ মবাইল ৰ স্ক্ৰীন ত। ঘৰলৈ যোৱা ৰাস্তা টো আজি ইমান দূৰ যেন লাগিছে। লাহে লাহে যেতিয়া ঘৰটো ওচৰ পালোঁ, তেতিয়াহে যেন মোৰ উশাহটো ঘূৰি আহিছিল। মই খৰ ধৰকৈ নামিলো আৰু আগৰ পৰাই হাতত লৈ থকা ২০ টকীয়া নোট খন তেওঁৰ ফালে আগবঢ়াই দিব লওতে তেওঁ কলে," এইটোৱে তোমাৰ ঘৰ?" মই হয় বুলি কৈ নোট খন দিলোঁ। তেওঁ আকৌ কলে, "ইমান আন্ধাৰ হৈ আছে যে ঘৰটো কোনো নাই নেকি?"
তেতিয়াহে মই মন কৰিলোঁ যে আমাৰ ঘৰৰ সমুখৰ লাইটটো জ্বলোৱা হৈ থকা নাছিল আৰু ঘৰটো অমাৱস্যা সদৃশ আন্ধাৰ হৈ আছিল। মা হত আছে দিয়ক, কিজানি লাইটটো জ্বলাব পাহৰিলে বুলি কৈ ঘৰৰ ফালে খৰকৈ আগবাঢ়িলোঁ আৰু তেতিয়াই মই অনুভৱ কৰিলোঁ যে তেওঁ তমটম খন ঘূৰাই আমাৰ ঘৰৰ ফালে পোহৰ দি ৰখি থাকিল, যেতিয়ালৈকে কোনো দৰ্জা খুলি দিয়া নাছিল। অলপ দেৰি পাছত দেউতাই দৰ্জাখন খুলিলে আৰু মই দৰ্জামুখৰ পৰাই চিঞৰি কলোঁ, " দাদা খুলিলে দিয়ক, আপুনি যাওঁক।"
গোটেই ৰাস্তা টো মই এটা মিছা ভয়ত আহিলো। কিন্তু এই ভয়টো থকাটো স্বাভাৱিক, কাৰণ সকলোজন অচিনাকি; দাদাৰ দৰে নহয়টো।
So pure and nice. Keep writing
ReplyDeleteThanks 😊
ReplyDeleteভাল লাগিল। এতিয়াও পোহৰ দি ৰখা মানুহ আছে এই সমাজত।
ReplyDeleteThanks
DeleteAxomiya keneke likhiso🤢🤢
ReplyDeleteAfter reading all your blogs, I wish I could have read this too😔
ReplyDeleteHey there! I will be glad to make your wish true, will try to post an English translation for this short story!
Delete