মিথ্যা : A Misconception

ডিচেম্বৰ মাহ, সোনকালে আন্ধাৰে আৱৰি ধৰে। সন্ধিয়া ৬ মান বাজিচিল তেতিয়া, আন্ধাৰ হোৱা বাবে মোৰ অকলে খোজকাঢ়ি আহিবলৈ অলপ ভয় লাগিছিল। এজনী ছোৱালীৰ বাবে আন্ধাৰত অকলে আহিবলৈ ভয় লগতো স্বাভাৱিক কথা। কিয় সেইটো কোৱাৰ মই প্ৰয়োজনবোধ নকৰোঁ।মই tomtom ( ই- ৰিক্সা) বিচাৰিবলৈ ধৰিলো। কিন্তু মোৰ ঘৰৰ ফালে আহিবলৈ সকলোৱে টান পায়, ৰাস্তা বেয়া যে। আজি ২৫ বছৰে সেই কেঁচা ৰাস্তা টোৱে দেখি আহিছোঁ, উন্নতি নহল আৰু ইমান বছৰে। অৱশেষত এজন মান্তি হল আহিবলৈ। কিন্তু তেওঁ ৰাস্তাটো ভালকৈ চিনি নাপাওঁ কলে, মই কলোঁ হব মই কৈ যাম কোনফালে যাব লাগে ,আপুনি বলক। অলপ আহি মই এখন বেকাৰী দোকানত ৰব কলো, কিন্তু দোকান খনত ইমান ভিৰ আছিল যে মোৰ ৩ টা পিয়াজী লওতে ১৫ মিনিট গুচি গল। বেয়াও লাগিছিল মানুহজনক ইমান দেৰি ৰখালো, কিন্তু তেওঁ একো নকলে আৰু tomtom খন আকৌ start দিলে। মোৰ আগৰ পৰাই এটা অভ্যাস যে মই গাড়ীত উঠিলেই গান শুনা আৰম্ভ কৰোঁ, যি গাড়ী এ নহওঁক আৰু যিমান দূৰেই নহওঁক কিয় মোৰ যাত্ৰা। কিন্তু মই কালি প্ৰথমবাৰৰ বাবে গান শুনা নাছিলোঁ। নাজানো কিয়, কিবা পৰিবেশ টো যেন মোৰ অস্বাভাৱিক লাগিছিল। বাৰে বাৰে ঘড়ীটো চাই আছিলোঁ মবাইল ৰ স্ক্ৰীন ত। ঘ...